মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা অসম পশুধন আৰু পক্ষী নিগম লিমিটেড

কৃষক আৰু গ্ৰাহক কৰ্ণাৰ

কৃষক কৰ্ণাৰ

গো স্বাস্থ্য ব্যৱস্থাপনা

  • ৰোগ প্ৰতিৰোধ প্ৰক্ৰিয়া :
  1. এফ এম ডি টীকা: জন্তুবিধৰ তিনিমাহ বয়স হোৱাত আৰু বছৰী ছমাহৰ মূৰে মূৰে টীকা প্ৰদান।
  2. Haemorrhagic Septicaemia (HS) ৰ টীকা: ছমাহত প্ৰথমটো টীকা আৰু বছৰী টীকা প্ৰদান।
  3. Black Quarter (BQ) টীকা: ছমাহত প্ৰথমটো টীকা আৰু বছৰী এই টীকা প্ৰদান।
  4. Brucella Abortus Strain 19 টীকা: চাৰিৰ পৰা আঠমাহ বয়সৰ এই ৰোগত আক্ৰান্ত পোৱালিকহে এই টীকা প্ৰদান কৰা হয়।
  • পোক মুক্তকৰণ :জন্তুৰ শৰীৰৰ পৰা পোক মুক্তকৰণ কাৰ্য্য সময়ে সময়ে কৰাটো আৱশ্যকীয়। সময়ৰ মূৰে মূৰে জন্তুৰ faecal পৰীক্ষা কৰিব লাগে আৰু স্থানীয় পশুচিকিৎসা কৰ্মীৰ পৰামৰ্শ অনুসৰি Anthelmintics বা পোক মৰা ঔষধ প্ৰয়োগ কৰিব লাগে। জন্তুৰ দেহৰ বাহিৰা অংশত অৰ্থাৎ নোমত থকা চিকৰা, ওকণি আদি নিয়ন্ত্ৰণ কৰিবলৈ স্থানীয় পশুচিকিৎসা কৰ্মীৰ পৰামৰ্শ অনুসৰি ঔষধ প্ৰয়োগ কৰি থাকিব লাগে। জন্তুয়ে ভুগি অহা এনেধৰণৰ সমস্যাৰ বিৰুদ্ধে বছৰত দুবাৰ এনে প্ৰতিৰোধকাৰী ঔষধ পশুচিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰয়োগ কৰিব লাগে- প্ৰথমবাৰ বৰ্ষা ঋতুৰ আগমনৰ লগে লগে আৰু দ্বিতীয়বাৰ শৰৎকালৰ মাজভাগত। জন্তুৰ যিকোনো অস্বাভাৱিক ৰূপৰ (ঢিলা, অস্বাভাৱিক ৰঙৰ, দুৰ্গন্ধযুক্ত) বৰ্জনীয় পদাৰ্থ নিৰ্গত হোৱা দেখিলে স্থানীয় পশুচিকিৎসা কৰ্মীক এই বিষয়ে অৱগত কৰি আক্ৰান্ত জন্তুক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।
  • টীকাকৰণ অনুসূচী : লিংকটি চাওক।

বাণিজ্যিক ব্ৰয়লাৰ ব্যৱস্থাপনা নিৰ্দেশিকা

ব্ৰয়লাৰ কুকুৰা

ব্ৰয়লাৰ হৈছে মাংসৰ বাবে উৎপাদন কৰা হোৱা অপৰিপক্ক পোৱালি কুকুৰা। এই জাতৰ কুকুৰাক ১.৬৫ ৰ পৰা ১.৭৫ অনুপাতে ৩.৩ কিলোগ্ৰামৰ পৰা ৩.৮৫ কিলোগ্ৰামলৈ আহাৰ গ্ৰহণ কৰাই ৪২ দিনৰ ভিতৰত ২ ৰ পৰা ২.২ কিলোগ্ৰাম ওজন লাভ কৰোৱাৰ লক্ষ্য বান্ধি লোৱা হয়। ব্ৰয়লাৰ কুকুৰাই চল্লিশ দিনৰ ভিতৰত প্ৰকৃত ওজনৰ ৫০ গুণতকৈ অধিক দেহৰ ওজন লাভ কৰে।

ব্যয়লাৰ ফাৰ্ম গঢ়াৰ সুবিধাসমূহ:

  • ইয়াৰ বাবে নিম্ন খৰচৰ প্ৰয়োজন হয়।
  • এই ফাৰ্মে ক্ষিপ্ৰ আৰু নিয়মীয়া বিনিময় প্ৰদান কৰে।
  • পোৱালি, খাদ্য, সঁজুলি, ঔষধ, টীকা ইত্যাদি ফাৰ্মৰ বাবে সকলো সামগ্ৰী সহজ ৰূপত উপলব্ধ।

অধিক জানিবৰ বাবে এই লিংকটিত ক্লিক কৰক : ব্ৰয়লাৰ ব্যৱস্থাপনা নিৰ্দেশিকা

লেয়াৰ ফাৰ্ম ব্যৱস্থাপনা নিৰ্দেশিকা

লেয়াৰ পাল্ট্ৰি ফাৰ্মিং বা তৰপীয়া মুৰ্গী ফাৰ্ম স্থাপন মানে হৈছে বাণিজ্যিক কণী উৎপাদনৰ উদ্দেশ্যে কণী দিয়া কুকুৰা পালন কৰা ব্যৱস্থা। ‘এ এল পি চি’ য়ে কুকুৰা আৰু কণীৰ উৎপাদন বৃদ্ধিৰ বাবে লেয়াৰ ফাৰ্মিঙৰ উন্নয়ন সাধন কৰিবলৈ এটি কৰ্মৰ সূচী গ্ৰহণ কৰিছে। নিগমে এদিনীয়া লেয়াৰ মুৰ্গী পোৱালিবোৰৰ উৎপাদন, গোলাঘাট মুৰ্গী ফাৰ্মত খাদ্য প্ৰদান ইত্যাদি কাৰ্য্য সম্পাদনেৰে নিগমে ইয়াৰ নিজৰ কাৰ্য্য আৰম্ভ কৰিছে আৰু ৰাজহ সৃষ্টিৰ দিশত ই অৰিহণা যোগাইছে।

লেয়াৰ ফাৰ্ম ব্যৱস্থাপনাৰ বিষয়ে অধিক জানিবৰ বাবে ক্লিক কৰক:লেয়াৰ ব্যৱস্থাপনা নিৰ্দেশিকা

পাশ্চাৎমুখী মুৰ্গী পালন ব্যৱস্থাপনা

উত্তৰ-পূৰ্বাঞ্চলত দেশীয় জাতৰ কুকুৰাই গ্ৰাম্য, জনজাতীয় আৰু পাৰিবাৰিক জীৱনত মুৰ্গী উৎপাদনৰ ক্ষেত্ৰত গুৰুত্তপূৰ্ণ ভূমিকা পালন কৰি আহিছে। উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাম্য আৰু জনজাতীয় পৰিয়ালসমূহৰ বাবে মুৰ্গী পালন ব্যৱস্থা এটি অবিচ্ছেদ্য অংগ যিয়ে তেওঁলোকৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশৰ পৰা আৰম্ভ কৰি জীৱনৰ প্ৰায়বোৰ গুৰুত্তপূৰ্ণ দিশেই স্পৰ্শ কৰে।

পাশ্চাৎমুখী মুৰ্গী ফাৰ্ম গঢ়াৰ সুবিধাসমূহ

  • ই মহিলাসকলৰ প্ৰয়োজনীয় সময়ত নিধি লাভৰ সুবিধা প্ৰদান কৰিব পাৰে লগতে পৰিপুষ্টিৰ দিশত প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰিব পাৰে।
  • দেশীয় মুৰ্গী আৰু ইয়াৰ কণীৰ গুণাগুণে বহু মূল্য বহন কৰে, ব্যৱসায়িক ব্ৰয়লাৰ জাতৰ মুৰ্গীৰ তুলনাত ইয়াৰ মূল্য দুই-তিনিগুণ অধিক।
  • এই দেশীয় জাতৰ কুকুৰাবোৰে নিজৰ খাদ্য নিজে বিচাৰি ল’ব পাৰে। ঘাঁহ বননিত বিচাৰি পোৱা খাদ্য, কীট-পতংগ, ঘৰুৱা পেলনীয়া খাদ্য ইত্যাদিৰ পৰা ইহঁতে পুষ্টি লাভ কৰে।
  • ব্যৱসায়িক ব্ৰয়লাৰ জাতৰ কুকুৰাৰ তুলনাত দেশীয় জাতৰ কুকুৰাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা অধিক।

অধিক জানিবৰ বাবে ক্লিক কৰক : পাশ্চাৎমুখী মুৰ্গী ফাৰ্ম গঢ়াৰ নিৰ্দেশিকা

হাঁহ ফাৰ্ম ব্যৱস্থাপনা

অসমত পৰম্পৰাগতভাৱে হাঁহ পালন অতিকৈ জনপ্ৰিয়। গৰম আৰু আৰ্দ্ৰ জলবায়ু লগতে অসমৰ জলাশয়, পুখুৰী, নদ-নদী আদিৰ উপলব্ধতাই হাঁহৰ খাদ্য আৰু ইহঁত জীয়াই থকাৰ বাবে উপযুক্ত পৰিৱেশ প্ৰদান কৰে।

হাঁহ ফাৰ্ম কৰাৰ সুবিধাসমূহ

  • হাঁহক যিকোনো পৰিৱেশতেই পালন কৰিব পাৰি, বেছিকৈ দৃষ্টি দি থকাৰ প্ৰয়োজন নহয় আৰু ইয়াৰ পৰিচালনা অতি সহজ কাৰ্য্য।
  • বহু মানুহেই হাঁহৰ কণী আৰু মাংস গ্ৰহণ কৰে আনকি কোনো কোনো অঞ্চলত ইয়াৰ চাহিদা অতি বেছি।
  • প্ৰাকৃতিকভাৱে হাঁহে কুকুৰাতকৈ বছৰি অধিক কণী পাৰে আৰু হাঁহৰ কণীবোৰ আকাৰত ডাঙৰ আৰু ওজন হয়। তদুপৰি হাঁহৰ কণীৰ খোলা অধিক ডাঠ হোৱাৰ বাবে ই সহজে নাভাঙে আৰু পৰিবহণত সহজ হয়।
  • মুৰ্গীৰ কণীৰ তুলনাত হাঁহৰ কণীত অধিক পৰিমাণে প্ৰ’টিন, চৰ্বি আৰু শক্তি পোৱা যায়।
  • হাঁহে ৯০ ৰ পৰা ৯৫ শতাংশ কণী ৰাতিপুৱা আঠ বজাৰ ভিতৰত পাৰে আৰু ইয়েই কণী সংগ্ৰহৰ কাৰ্য্য সহজ কৰি তোলে লগতে ইয়াৰ ফলত কৃষকসকলে অন্য কাৰ্য্য সম্পাদনৰ সময় উলিয়াব পাৰে।
  • দ্বিতীয় বছৰটো হাঁহে নিয়মিতভাৱে কণী পাৰে আৰু ইহঁতক ভালদৰে পৰিচালনা কৰা হ’লে তৃতীয় বছৰটো ই কণী পাৰে।
  • হাঁহ পালনৰ বাবে বিশেষ ঘৰৰ প্ৰয়োজন নহয়। সাধাৰণভাৱে আৰু আদিম ধৰণে থকাৰ ব্যৱস্থা কৰি দিয়া পৰিৱেশতেই ইহঁতে জীৱন নিৰ্বাহ কৰিব পাৰে।
  • চৰাইৰ হোৱা বিভিন্ন ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত হাঁহ অধিক শক্তিশালী। প্ৰাকৃতিক অৱস্থাৰ মাজত পালন কৰা হাঁহৰ কেতিয়াবাহে ৰোগ হোৱা দেখা যায়।
  • বিভিন্ন কৃষিজাত উৎপাদন ভক্ষণ কৰি হাঁহ জীয়াই থাকে আৰু নিজে ঘুৰি পকি খাদ্য বিচাৰি খাই ইহঁতে খাদ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰে।
  • হাঁহে শামুক, মাছ, মাখি, কীট-পতংগ, কেঁচু ইত্যাদি খাই পৰিৱেশিক ভাৰসাম্য নিয়ন্ত্ৰণ কৰে আৰু লগতে ইয়াৰ ফলত উল্লিখিত কেতবোৰ প্ৰাণীৰ পৰা মানুহৰ হ’ব পৰা ৰোগ নিয়ন্ত্ৰণ কৰে।
  • হাঁহ আৰু মস্য ফাৰ্ম ব্যৱস্থাৰ পদ্ধতিত হাঁহক এবিধ গুৰুত্তপূৰ্ণ উপাদান হিচাপে বিবেচনা কৰা হয়।

অধিক জানিবৰ বাবে কাষৰ লিংকত ক্লিক কৰক:হাঁহ ফাৰ্ম ব্যৱস্থাপনা নিৰ্দেশিকা