অসম পশুধন আৰু পক্ষী নিগম হৈছে অসম চৰকাৰৰ এটি ৰাজহুৱা খণ্ডৰ উদ্যোগ যি কোম্পানী আইন, ১৯৫৬ (পঞ্জীয়ন নম্বৰ ২১৩৫, ১৯৮৩-৮৪) ৰ অধীনত স্থাপিত হয়। ইয়াৰ প্ৰধান কাৰ্য্যালয় হয় গুৱাহাটীৰ খানাপাৰা। এই নিগম হৈছে এটি বাণিজ্যিক কাৰিকৰী সংগঠন যি নিবনুৱা যুৱক-যুৱতীক পশুধন আৰু পক্ষী উৎপাদনৰ কৰ্মত জড়িত কৰাৰ সামাজিক দায়িত্ব বহন কৰি ১৯৮৪ চনৰ ৬ ফেব্ৰুৱাৰী তাৰিখে কাৰ্য্যভাৰ গ্ৰহণ কৰে। প্ৰকৃততে এই নিগমৰ কৰ্তিত্বশীল মূলধন অংশ (Authorized Share Capital) আছিলে দুই কোটি পঞ্চাশ লাখ টকা। নিগমৰ কৰ্মৰ গতি বৃদ্ধিৰ লগে লগে ১৯৯৪-৯৫ চনত দহ কোটিলৈ বৃদ্ধি পায় (দহ লাখ সমভাগৰ বাবে এশ টকাকৈ)। অসম চৰকাৰে গঠন কৰি দিয়া সঞ্চালক মণ্ডলীৰ জৰিয়তে এই নিগমৰ কাৰ্য্যসমূহ সম্পাদিত হয়। এই নিগমৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালকক অসমৰ ৰাজ্যপালে নিযুক্তি দিয়ে।