এ এল পি চি অ হৈছে এটা বাণিজ্যিক কাৰিকৰী সংগঠন যিয়ে সামাজিক দায়িত্ব হিচাপে নিবনুৱা যুৱক-যুৱতীক পশুপালনৰ দিশত জড়িত কৰোৱাৰ উপৰি পিচপৰা সম্প্ৰদায়সকলক গ্ৰাম্য আৰু নগৰীয়া অঞ্চলসমূহত বেপাৰ বাণিজ্য কৰাৰ সুবিধা প্ৰদান কৰিছে। লগতে এই নিগমে স্থানীয় উদ্যোগীসকলক বিভিন্ন দিশত যেনে পশুধন আৰু পক্ষী ব্যৱস্থাপনা, উৎপাদন, প্ৰক্ৰিয়াকৰণ, বিপণন, বজাৰ আদিৰ প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকৰ সামৰ্থ্য গঢ়ি তুলিছে। তদুপৰি ‘এ এল পি চি অ’ ৰ অধীনত কাৰ্য্য সম্পাদন কৰি অহা আধুনিক কছাইখানা আৰু মাংস প্ৰক্ৰিয়াকৰণ কাৰখানাসমূহে নগৰীয়া অঞ্চলসমূহৰ লোকসকলৰ বাবে মাংস উৎপাদনৰ বিষয়টো চোৱাচিতা কৰাৰ উপৰি এই উদ্যোগে কৰ্তিত্বশীল মাংসৰ দোকান স্থাপনেৰে ৰাজহুৱা ব্যক্তিগত অংশীদাৰি আৰ্হিৰ বাট দেখুৱাইছে।