ৰাজ্যত নিবনুৱা সমস্যা সমাধান কৰাৰ উদ্দেশ্যে মানুহৰ মাজত উদ্যোগী কৌশলৰ বিকাশ সাধন কৰিবলৈ ২০০৭ ত নিয়োগ সৃষ্টি আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিয়ে প্ৰধানকৈ আত্ম নিয়োজন আৰু অসমৰ মানুহৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি সাধনৰ দিশটোত গুৰুত্ত প্ৰদান কৰি আহিছে। ২০০৭ বৰ্ষৰ ২৮ আগষ্টত অসমৰ মুখ্যমন্ত্ৰীয়ে বিশিষ্ট অৰ্থনীতিবিদ ড° জয়ন্ত মাধৱৰ পৰামৰ্শ প্ৰদানেৰে গঢ় লৈ উঠা ৰাজ্যত ইয়াৰ প্ৰথমটো আঁচনিৰ শুভাৰম্ভ কৰে।
সৰু আৰু ক্ষুদ্ৰ নিয়োগ ব্যৱস্থাৰ মাজত উদ্যোগী মনোভাৱৰ কৌশল বিকাশ আৰু আন্তঃগাঁথনিৰ সম্ভাৱনা থকা হেতুকে এই অভিযানে এনে পৰ্য্যায়ৰ নিয়োগ ৱ্যৱস্থাৰ গুৰুত্ত আৰোপ কৰি আহিছে। ৬৬৯ কোটি টকা ব্যয়সাপেক্ষে কৰা এই পৰিকল্পনাত প্ৰায় ১,৬৭,০০০ লক্ষ লোকৰ বাবে নিয়োগৰ সুবিধা সৃষ্টি কৰাৰ আঁচনি গ্ৰহণ কৰা হৈছে আৰু নিয়োগ সৃষ্টি অভিযান (এমপ্লয়মেণ্ট জেনেৰেশ্যন মিশ্যন) ই ইয়াত ৩২০ কোটি টকাৰ খৰচ বহন কৰিব। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এমপ্লয়মেণ্ট জেনেৰেশ্যন মিশ্যন বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ লৈ আৰু দিশপুৰৰ পৰা প্ৰতিনিধি, বেংকিং আৰু ন’ন বেংকিং বিত্তীয় প্ৰতিষ্ঠান আদি লৈ গঠিত হৈছে। অতি সম্প্ৰতি ‘এছ আই আৰ ডি’, ‘এ এল পি চি অ’’, ‘আৰ জি ভি এন’, ‘প্ৰচেষ্টা’, ‘এমট্ৰন’ আৰু ‘অসমী’ য়ে প্ৰস্তাৱ দাখিল কৰা ছটা প্ৰজেক্ট এই অভিযানৰ হাতত আছে। এই প্ৰজেক্টসমূহে বিভিন্ন দিশত কাম কৰাৰ বাবে সমূহীয়া দলৰ ধাৰণাৰ অধীনত প্ৰায় ৯০০০ লোকৰ বাবে নিয়োগৰ সুবিধা প্ৰদান কৰিব। এই সমূহ প্ৰজেক্ট বা আঁচনিৰে ২৫ শতাংশ অৰ্জিত ধন ৰাখি বাকী ৭৫ শতাংশ ধন বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা অৰিহণা লাভ কৰে।
অসম পশুধন আৰু পক্ষী নিগমে বিভিন্ন ঠাইত পশুধন পালনেৰে সমূহীয়া আৰ্হিত কৰা হোৱা নিয়োগ সৃষ্টিৰ আঁচনিসমূহৰ সংসাধন কৰিছে। সামুদায়িক সংগঠন, হিতাধিকাৰীৰ নিৰ্বাচন, কাৰিকৰী কৌশলৰ বিকাশৰ প্ৰশিক্ষণ, বিত্তীয় সাক্ষৰতা, নৰম কৌশল বিকাশ, ক্ৰেডিট লিংক, বজাৰ সম্পৰ্ক ইত্যাদি বিষয় লৈ এই আঁচনিসমূহ আৰম্ভ হৈছিল। ডেইৰী, ছাগলী পালন, গাহৰি পালন ইত্যাদি হৈছে বিভিন্ন সমুদায়ে পৃথকভাৱে জড়িত হৈ থকা ইয়াৰ অনুষ্ঠান।
Title | Size | Detail |
---|---|---|
‘এ এল পি চি অ’ৰ দ্বাৰা নিয়োগ সৃষ্টি আচঁনিৰ অধীনত আৰম্ভ হোৱা আচঁনিসমূহ | 50.36 KB | ![]() |