অসম পশুধন আৰু পক্ষী নিগমে কণী আৰু মাংসৰ উৎপাদন বৃদ্ধি কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে যিয়ে নিয়োগ সৃষ্টি কৰিব আৰু লগতে ৰাজ্যই পৰিপুষ্টি লাভ কৰাৰ দিশত সহায় কৰিব। অতি সম্প্ৰতি তেওঁলোকে লেয়াৰ ফাৰ্মিং ব্যৱস্থা বা তৰপীয়া ফাৰ্মিং ব্যৱস্থা গ্ৰহণ কৰিছে যিয়ে উৎপাদন বৃদ্ধি কৰাৰ ক্ষেত্ৰত অৰিহণা যোগোৱাৰ লগতে কণী উৎপাদনৰ দিশত স্বাৱলম্বিতা সৃষ্টি কৰিব।
‘এ এল পি চি অ’ ৰ কাৰিকৰী সহযোগত মাজিৰগাওঁ, বিমান বন্দৰৰ ওচৰত, পলাশবাৰী অসমত এটি বাণিজ্যিক লেয়াৰ ফাৰ্ম স্থাপন কৰা হৈছে। ২০১৫-১৬ বৰ্ষত এই ফাৰ্মে ইয়াত ৭৫০০ ৰ ক্ষমতাসম্পন্ন বাণিজ্যিক কেজ লেয়াৰ ফাৰ্ম স্থাপন কৰিছে। জুলাই ২০১৬ ৰ পৰা তেওঁলোকে ৰূপালী আৰু মুগা বৰণীয়া চৰাই ব্যৱহাৰেৰে এই কাম আৰম্ভ কৰি এই কাৰ্য্যত সফল হৈছে। তেওঁলোকে ইয়াৰ বাবে এটি বিপণনৰ বিকাশ সাধন কৰিছে (এম বি ফ্ৰেছ) যিয়ে বজাৰত ইয়াৰ মূল্য উত্থাপন কৰিবলৈ সক্ষম হোৱাৰ লগতে আশাপ্ৰদভাৱে ইয়াৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছে।
কাৰিকৰী সাহায্য কাৰ্য্যক্ৰম (টেকনিক্যাল এচিছট্যান্স প্ৰগ্ৰেম) ৰ অংশ স্বৰূপে আন্তৰ্জাতিক বিত্তীয় নিগম (ইণ্টাৰনেশ্যন্যাল ফাইন্যান্স ক’ৰপোৰেশ্যন) ৰ চাউথ এচিয়া এণ্টাৰপ্ৰাইজ ডেভেলপমেণ্ট ফ্যাচিলিটি (এছ ই ডি এফ) য়ে অসমৰ গোলাঘাট আৰু যোৰহাট জিলাত পক্ষী উদ্যোগৰ উন্নতি সাধনত সম্পন্ন কৰিবলৈ গ্ৰহণ কৰা কাৰ্য্যসমূহ সম্পন্ন কৰাত অসম পশুধন আৰু পক্ষী নিগম লিমিটেডক প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰিছে। অসম পশুধন আৰু পক্ষী নিগম লিমিটেডৰ এটি গোট গোলাঘাট চৰকাৰী পক্ষী ফাৰ্মে ইয়াৰ বাবে প্ৰয়োজনীয় সম্পদসমূহৰ চলনশীল ৰূপ দিছে আৰু ইয়াত প্ৰয়োজনীয় কলিংগ ব্ৰাউন কুকুৰাৰ পোৱালি যোগান ধৰাটো নিশ্চিত কৰিছে আৰু লগতে আঁচনিৰ হিতাধিকাৰী সকলক পক্ষী খাদ্য যোগান ধৰি এই ক্ষেত্ৰত গুৰুত্তপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই কাৰ্য্যৰ ফলস্বৰূপে তেৰগৰাকী প্ৰশিক্ষিত উদ্যোগীয়ে জিলাসমূহত ক্ষুদ্ৰ লেয়াৰ পক্ষী ফাৰ্ম উদ্যোগ আৰম্ভ কৰিবলৈ অসম গ্ৰামীণ বিকাশ বেংকত বিত্তীয় সাহাৰ্য্যৰ বাবে আবেদন জনাইছে। উল্লেখ কৰা অনুসৰি প্ৰশিক্ষণ কাৰ্য্যসূচীৰ সময়ছোৱাত গোলাঘাট নগৰৰ গোহাঞি গাঁৱত সাতগৰাকী উদ্যোগী সদস্যই বেংকৰপৰা বিত্তীয় সাহাৰ্য্য লাভ কৰি ইয়াত সমূহীয়া তৰপীয়া পক্ষী উদ্যোগ আৰম্ভ কৰিছে। এই একগোট হৈ কাম কৰা ব্যৱস্থাই ফাৰ্মৰ প্ৰতিগৰাকী সদস্যৰ মাজত প্ৰতিযোগিতামূলক মনোভাৱেৰে কাম কৰি যোৱাৰ মানসিকতা এটি গঢ় লৈ উঠাত সহায় কৰিছে আৰু ইয়াৰ দ্বাৰা তেওঁলোকে প্ৰয়োজনীয় সামগ্ৰীসমূহ আহৰণ কৰাত আৰু কণীৰ বজাৰত উপকৃত হ’বলৈ সক্ষম হৈছে।