মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা অসম পশুধন আৰু পক্ষী নিগম লিমিটেড

অনুজ্ঞাপ্ৰাপ্ত কছাইখানা আৰু মঙহৰ দোকান

অনুজ্ঞাৰ প্ৰয়োজন কিয়? ?

‘এ এল পি চি’ বা অসম পশুধন আৰু পক্ষী নিগম লিমিটেড এটি উদিত কোম্পানী যিয়ে ৰাজ্যত পৰিষ্কাৰ আৰু খোৱাৰ বাবে নিৰাপদ মাংসৰ চাহিদা পূৰণৰ বাবে মাংস প্ৰক্ৰিয়াকৰণ কাৰখানা আৰু কছাইখানাৰ বিকাশ সাধনত গুৰুত্ত আৰোপ কৰি আহিছে। ই কোম্পানী আৰু কৃষকৰ মাজৰ সম্পৰ্ক অধিক দুদৃঢ় কৰি অৰ্থনৈতিক গতিশীলতা বৃদ্ধি কৰিছে আৰু লগতে ই ফাৰ্মৰ কাৰ্য্য অধিক সুদৃঢ় কৰাত অৱদান আগবঢ়াইছে। এই কোম্পানীৰ প্ৰাথমিক লক্ষ্য হৈছে জীৱন নিৰ্বাহ কৰিবলৈ পশুধন আৰু পক্ষীপালনৰ ওপৰতে নিৰ্ভৰ কৰা কৃষকসকলৰ আৰ্থ-সামাজিক অৱস্থাৰ উন্নতি সাধন কৰা।

জনসাধাৰণৰ স্বাস্থ্যৰ দিশৰ ব্যৱস্থাপনা আৰু মঙহৰ খণ্ডৰ এটি বাট বা চেনেলৰ বাবে গুৱাহাটীত গাহৰিৰ মাংস, ছাগলীৰ মাংস আৰু কুকুৰাৰ মাংসৰ বাবে তিনিটা ‘মিট প্ৰচেছিং প্লেণ্ট’ মাংস প্ৰক্ৰিয়াকৰণ কাৰখানা স্থাপন কৰা হৈছে। এই মিট প্ৰচেছিং প্লেণ্ট বা মাংস প্ৰক্ৰিয়াকৰণ কাৰখানাসমূহ ৰাজহুৱা ব্যক্তিগত অংশীদাৰি উদ্যোগ (Public Private Partnership) ত পৰিচালিত হয়।

হয়। ‘এ এল পি চি’ য়ে কছাইখানাসমূহৰ বিধি আৰু উপবিধি সমূহৰ বিষয়ে জনসচেতনতা সৃষ্টি কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। ইয়াৰ লক্ষ্যই হৈছে অসমত কছাইখানাসমূহে আগৰেপৰাই চলি অহা উপায়েৰেই কাৰ্য্য সম্পাদন কৰাৰ বিপৰীতে বিজ্ঞানসন্মত আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন উপায়েৰে মাংসৰ বাবে জন্তু বধ কৰাৰ দিশৰ পৰিচিতি প্ৰদান কৰা।

কছাইখানাৰ আইনৰ সন্দৰ্ভত অধিক জানিবৰ বাবে ক্লিক কৰক-

Licensed Slaughterhouse Act, 2012

অনুজ্ঞাপ্ৰাপ্ত কছাইখানা আৰু মঙহৰ দোকানৰ তালিকাৰ বাবে তলৰ লিংকটিত ক্লিক কৰক।

দোকানসমূহৰ অৱস্থান জানিবৰ বাবে লিংক।

Downloads
TitleSizeDetail
অনুজ্ঞাপ্ৰাপ্ত দোকানৰ তালিকা28.1 KBswf-image