‘এ এল পি চি’ বা অসম পশুধন আৰু পক্ষী নিগম লিমিটেডে কৃষকসকলক প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰি আহিছে যিয়ে কৃষকসকলৰ সুবিধাৰ্থে পৰিদৰ্শন আৰু প্ৰদৰ্শনীৰ কাৰ্য্যসূচী সামৰি লয়। অসমৰ সোণাপুৰত এটি বাণিজ্যিক দুগ্ধ গোট আছে যিয়ে প্ৰায় ৩,৬০০ কৃষকক প্ৰশিক্ষণ প্ৰদান কৰিছে লগতে নাগালেণ্ড আৰু মেঘালয় ৰাজ্যৰ ২৬ টা কমিউনিটি ছাৰ্ভিছ প্ৰ’ভাইডাৰ বা সামূহিক সেৱা প্ৰদানকাৰী গোট আৰু এগৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰক প্ৰশিক্ষণ প্ৰদান কৰিছে। কণী পালন আৰু জগোৱা কাৰ্য্য অৰ্থাৎ হ্যাচাৰী কাৰ্য্যৰ সৈতে জড়িত ব্যক্তিৰ বাবেও ইয়াত প্ৰশিক্ষণ আৰু প্ৰদৰ্শনীৰ সুবিধা উপলব্ধ। ‘এ এল পি চি’ ৰ অধীনত প্ৰদান কৰা প্ৰশিক্ষণ কাৰ্য্যসূচীত সম্প্ৰতি কুয়েইল ফাৰ্মিং নামেৰে নতুন প্ৰযুক্তিও অন্তৰ্ভুক্ত কৰা হৈছে। এমপ্লয়মেণ্ট জেনেৰেশ্যন স্কীম বা নিয়োগ সৃষ্টি আঁচনিৰ আৰম্ভণিয়েই হৈছিল কাৰিকৰী কৌশল, অৰ্থনৈতিক সাক্ষৰতা ইত্যাদি বিষয়ৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰাৰ উদ্দেশ্যে আৰু ই এই দিশত কাৰ্য্যসম্পাদন কৰি আছে।
প্ৰশিক্ষণৰ বাবে আবেদনপত্ৰসমূহ বিভাগৰ ভাৰপ্ৰাপ্ত প্ৰশিক্ষকে গ্ৰহণ কৰে। যিসকল কৃষকে নূন্যতম প্ৰয়োজনীয় যোগ্যতাসমূহ আৰু বেংকৰ প্ৰয়োজনীয় কাৰ্য্যসমূহ পূৰণ কৰিব পাৰে তেওঁলোকে প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হ’ব পাৰে। নিৰ্বাচিত হোৱাৰ পিছত কৃষকসকলক বিভিন্ন গুৰুত্তপূৰ্ণ বিষয় যেনে কাৰিকৰী কৌশল উন্নয়ন, অৰ্থনৈতিক সাক্ষৰতা, মিহি কৌশল বিকাশ ইত্যাদি বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰ হয়।
প্ৰশিক্ষণ গ্ৰহণ কৰা ব্যক্তিগৰাকী ইয়াৰ বাবে নূন্যতম যোগ্যতাসম্পন্ন হ’ব লাগিব।
প্ৰশিক্ষণ গ্ৰহণ কৰিব বিচৰা ব্যক্তিগৰাকীৰ খেতিৰ বাবে নিজৰ নূন্যতম পৰিমাণৰ হ’লেও মাটি থাকিব লাগিব,
তেওঁৰ নূন্যতম শিক্ষাগত অৰ্হতা থকাৰ উপৰিও নিজৰ এটি বেংক একাউণ্ট থাকিব লাগিব।
ইয়াৰ বাবে কোনো বিশেষ নিৰ্দেশনা নাই।
মাচুল নালাগে।
ঠিকনাৰ প্ৰমাণ, ফটো, মাটি থকাৰ প্ৰমাণপত্ৰ।
নাই।
আবেদনপত্ৰ পূৰণ কৰি দাখিল কৰিব লাগে
এই সেৱাৰ প্ৰকাৰ অফলাইন।
ডাঃ এন ঠাকুৰীয়া
জ্যেষ্ঠ পশুচিকিৎসা বিষয়া
ফোন নম্বৰ:০৯৪৩৫৩৭৬১৪০
ঠিকনা: পশুধন ভৱন,
অসম পশুধন আৰু পক্ষী নিগম লিমিটেড
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা পথ,
জুৰিপাৰ, গুৱাহাটী- ৭৮১ ০৩৭