মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা অসম পশুধন আৰু পক্ষী নিগম লিমিটেড

উপলব্ধ কুকুৰ গৃহ আৰু আশ্ৰয় গৃহৰ সুবিধাসমূহ

চিহ্নাংকসূচী:

  • ঘৰৰ পৰা দূৰৈত থকা এটি ঘৰ বা আশ্ৰয়স্থল য’ত কুকুৰবোৰ যত্নৰে ৰখাৰ ব্যৱস্থা কৰা হয়।
  • এই জন্তুসমূহৰ গৰাকীসকলে এঠাইতেই তেওঁলোকে বিচৰা সকলো বস্তু লাভ কৰিব পাৰে।
  • পৰিপুষ্টিৰ যোগান ধৰে।
  • পশুচিকিৎসাৰ সুবিধাৰে নিৰীক্ষণ কৰা হোৱা যত্ন প্ৰদান।
  • কেঁচা আহাৰ গ্ৰহণ কৰোৱাৰ ক্ষেত্ৰত পৰামৰ্শপ্ৰদান আৰু টীকাকৰণ সেৱা প্ৰদান।
  • কুকুৰৰ প্ৰশিক্ষণ আৰু নিৰীক্ষণ।
  • জন্তুক ঘৰৰ পৰা লৈ অহা আৰু ঘৰত থৈ অহাৰ সুবিধা প্ৰদান লগতে সহজ অনলাইন বুকিং পদ্ধতিৰ উপলব্ধতা।

অৱলোকন

‘এ এল পি চি’ ৰ দ্বাৰা গঠিত কুকুৰৰ যত্ন আৰু আশ্ৰয় ঘৰ হৈছে কুকুৰৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰা এটি অনুষ্ঠান। এয়া এক পেছাগত আৰ্হিৰ প্ৰতিষ্ঠান যি প্ৰশিক্ষিত ব্যক্তিৰ দ্বাৰা চলোৱা হয় আৰু পোহনিয়া কুকুৰৰ নিৰাপত্তা আৰু স্বাস্থ্য সম্পৰ্কীয় দিশৰ সুৰক্ষা সুনিশ্চিত কৰা হয়। পোহনিয়া কুকুৰক ইহঁতৰ বিকাশৰ বাবে তেওঁলোকে এটি নিৰাপদ আৰু সুৰক্ষিত পৰিৱেশ প্ৰদান কৰাৰ বাবে তেওঁলোকে দায়িত্ব গ্ৰহণ কৰে। কুকুৰৰ বাবে খেলিবলৈ স্থান প্ৰদান কৰে। কুকুৰৰ আশ্ৰয়ঘৰে ইহঁতক সামাজিক আচাৰ ব্যৱহাৰৰ কৌশল ইত্যাদি গুৰুত্তপূৰ্ণ প্ৰশিক্ষণ প্ৰদান কৰাৰ উপৰি পশুচিকিৎসালয়ৰ প্ৰশিক্ষকৰ তত্বাৱধানত ইহঁতক প্ৰয়োজনীয় দিশত আকাৰ প্ৰদান কৰে।

যোগ্যতাৰ মাপকাঠি

‘ডগ ক্ৰিক চাৰ্ভিছ’ সেৱা লাভ কৰিবলৈ কোনো যোগ্যতাধাৰী হোৱাৰ প্ৰয়োজন আহি নপৰে। কিন্তু ইয়াৰ বাবে সকলো কুকুৰ সম্পত্তি ৰূপে গ্ৰহণ কৰা হ’ব লাগিব।

মাচুল

  • সম্পূৰ্ণ দিন আৰু ৰাতি : ২৫০ টকা।
  • সম্পূৰ্ণ দিন: ২০০ টকা
  • সম্পূৰ্ণ দিন আৰু ৰাতি (এটি পৰিয়ালৰে দুটি কুকুৰৰ বাবে) : ৪৫০ টকা
  • সম্পূৰ্ণ দিন (এটি পৰিয়ালৰে দুটি কুকুৰৰ বাবে): ৩৫০ টকা
  • এনে আশ্ৰয়গৃহৰ অঞ্চলত এঘণ্টা খোজ কঢ়াৰ বাবদ :১০০ টকা
  • সংগ্ৰহ আৰু ঘৰত নমাই থৈ অহাৰ খৰচ :৫০০ টকা (অৱশ্যে ই দূৰত্বৰ ওপৰত নিৰ্ভৰশীল)
  • ঘৰৰ পৰা নিয়াৰ সময়: ৰাতিপুৱা সাত বজাৰপৰা দহ বজাৰ ভিতৰত
  • ঘৰত নমাই দিয়াৰ সময়: বিয়লি চাৰি বজাৰপৰা ছয় বজাৰ ভিতৰত

জৰুৰী সাময়িকী

সময় ৰাতিপুৱা ৭:৩০ বজাৰপৰা সন্ধিয়া ৬:৩০ বজালৈ।

আবেদন কৰাৰ নিয়ম

এই ক্ৰিক ফেচিলিটিৰ বাবে আবেদন কৰিবলৈ ২৪ ঘণ্টাৰ আগতে আবেদনৰ জাননী দিয়াটো প্ৰয়োজনীয়।

সেৱাৰ প্ৰকাৰ

এয়া অনলাইন অফলাইন উভয় সেৱাতেই উপলব্ধ।

যোগাযোগ কৰক

পশুধন ভৱন,
অসম লাইভষ্টক এণ্ড পাল্ট্ৰি কৰ্পোৰেশ্যন লিমিটেড
ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালা পথ,
জুৰিপাৰ, গুৱাহাটী- ৭৮১০৩৭