পশু খাদ্যৰ কাৰখানাসমূহ তেনে স্থানত স্থাপন কৰা হয় য’ত মানুহে প্ৰচুৰ পৰিমাণে পশুধন পালন কৰে। খৰচৰ এটি বৃহৎ অংশ প্ৰায় ৭০% পশুধন আৰু ডেইৰী ফাৰ্মিঙে অধিকাৰ কৰি থাকে। পশুৰ বাবে তৈয়াৰী খাদ্যৰ প্ৰক্ৰিয়াকৰণ, প্ৰস্তুতকৰণৰ আদি কাৰ্য্যসমূহে অধিক খৰচ হোৱাৰ দিশত অৰিহণা যোগায়। পশু খাদ্যৰ মিলসমূহ পশুধন আৰু পক্ষীৰ খাদ্য উৎপাদনৰ কাৰণে উপযুক্ত আৰু ইয়াক জন্তু আৰু পক্ষীৰ সকলো প্ৰকাৰৰ খাদ্য উৎপাদনৰ কাৰ্য্যত ব্যৱহাৰ কৰা হয়। এই কাৰণে জন্তু আৰু পক্ষী খাদ্য প্ৰস্তুতকৰণ কাৰ্য্যৰ সৈতে জড়িতসকলক আত্মনিৰ্ভৰশীলতাৰ সুযোগ প্ৰদান কৰা হয়।
ৰোগমুক্ত পশুধন উঠাবলৈ আৰু গৰু, গাহৰি, কুকুৰা আদি পশুধনৰ স্বাস্থ্যৰ প্ৰয়োজনীয় পৰিৱৰ্তন সাধন কৰিবলৈ প্ৰয়োজন হোৱা পৰিপুষ্টি প্ৰদান কৰিবলৈ অসম পশুধন আৰু পক্ষী নিগমে নতুন পৰিপুষ্টি আৰু খাদ্য প্ৰদান কাৰ্য্যসূচী গ্ৰহণ কৰিছে আৰু ইয়াৰ বাবে উৎপাদকসকলৰ লাভালাভৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞানসন্মত গৱেষণা আৰু বিশ্লেষণৰ মাধ্যমেৰে উল্লিখিত কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। গাখীৰ উৎপাদন আৰু স্বনিৰ্ভৰশীলতা বৃদ্ধি কৰিবলৈ গৰু, ম’হ আদিৰ খাদ্যত বিভিন্ন সময়ত বিভিন্ন পৰিপুষ্টিৰ উপাদানৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হয়।
পশু খাদ্য প্ৰস্তুতকৰণ কাৰ্য্যত কেঁচা কৃষিজাত উপাদান যেনে মাকৈ, ঘেঁহু, চৰগাম, ঘাঁহজাতীয় শস্য খাদ্যপ্ৰাণ আৰু মিনাৰেলৰ প্ৰয়োজন হয়। এইসমূহ উপাদানৰ মিশ্ৰণেৰে জন্তুৰ বাবে পুষ্টিকৰ খাদ্য প্ৰস্তুত কৰ হয়। পশুধনক প্ৰদান কৰা হোৱা খাদ্যসমূহত স্বাস্থ্যবান হাৰত ইহঁতৰ বৃদ্ধিৰ বাবে অতিৰিক্ত উপাদান সংযোজন কৰা হয়। অন্যান্য জন্তুৰ তুলনাত পশুধনৰ বাবে প্ৰস্তুত কৰা খাদ্যত সেয়েহে অতিৰিক্ত ভিটামিন, এমিন’ এচিড, ফেটি এচিড আৰু মিনাৰেলৰ প্ৰয়োজন হয়। জন্তুৰ স্বাস্থ্যৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নিগমে এই খাদ্যসমূহৰ সুৰক্ষাৰ বিষয়ৰ গৱেষণাও সম্পন্ন কৰি আহিছে।