মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা অসম পশুধন আৰু পক্ষী নিগম লিমিটেড

পশুধন বাণিজ্য আৰু ইয়াৰ বজাৰ

পশুধন বাণিজ্যৰ দিশত ‘এ এল পি চি’ ৰ অৱদান

এই মুহূৰ্তত কৃষকৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন হৈছে ভাল মানদণ্ডৰ আনুবংশিক গোটৰ উৎস লাভ কৰাটো। ৰাজ্যত সংগঠিত প্ৰজনন গোটৰ অভাৱৰ বাবে আমাৰ কৃষকসকলে তেওঁলোকৰ ফাৰ্মৰ বাবে জন্তু আৰু চৰাই লাভ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈ আহিছে। মাথো ব্ৰয়লাৰ কুকুৰাৰ বাহিৰে আটাইবোৰ প্ৰাণী বহিৰাজ্যৰ পৰা আহৰণ কৰিবলগীয়া হয়।

‘অসম লাইভষ্টক এণ্ড পাল্ট্ৰি কৰ্পোৰেশ্যন’ ই কৃষকসকলে, প্ৰতিষ্ঠানসমূহে আৰু চৰকাৰী বিভাগসমূহে পশুধন আহৰণ কৰাৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰি আহিছে। এই নিগমে কৃষকসকলৰে সৈতে একেলগে কাম কৰি ৰাজ্যৰ আৰু ৰাজ্যৰ বাহিৰৰ সংগঠিত যোগানকাৰী/উৎপাদনকাৰীসকলৰে সৈতে সম্পৰ্ক স্থাপন কৰিছে।

এই নিগমে ‘এ এল ডি এ’ ই মূৰাহ আৰু চোৱাম্প ম’হৰ যোগান লাভ কৰাত, ত্ৰিপুৰা চৰকাৰৰ অধীনৰ পশুপালন আৰু পশুচিকিৎসা বিভাগে গাখীৰ দিয়া জন্তু লাভ কৰাত, ওৱৰ্ল্ড ভিশ্যন এন জি অ’, উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন আই চি এ আৰ প্ৰতিষ্ঠানসমূহে গাহৰি যোগান ইত্যাদি লাভ কৰাত সহায় কৰি আহিছে।

লাভ কৰিবলৈ উপলব্ধ পশুধনসমূহ কি কি ?

নিগমে আগতীয়া আদেশৰ ভিত্তিত তলত দিয়া পশুধনসমূহ লাভ কৰাব পাৰে:

  • হোলষ্টেইন ফ্ৰায়েশ্বিয়ান বা জাৰ্ছিৰ বৰ্ণসংকৰ জাতৰ গৰু
  • বীটল ছাগলী, অসমৰ পাহাৰীয়া জাতৰ ছাগলী, ছিৰনী ছাগলী আৰু ইহঁতৰ বৰ্ণসংকৰ জাত।
  • ব্ৰয়লাৰ জাতৰ হাঁহ, খাকী কেম্পবেল, চাৰা চাম্বেলী ইত্যাদি।
  • পাশ্চাৎ পালিত মুৰ্গীৰ পোৱালি বা বেকয়াৰ্ড পাল্ট্ৰি চিকছ।
  • বাণিজ্যিক হাইব্ৰীড তৰপীয়া কুকুৰা পোৱালি।
  • জাপানী কোৱেইল কুকুৰা পোৱালি।
  • তুৰ্কী আৰু ইমু চৰাই।