‘এ পি এল চি অ’ ৰ অন্তৰ্গত কুকুৰৰ যত্ন আৰু আশ্ৰয় প্ৰদান গোটে কুকুৰৰ বাবে নিৰাপদ পৰিৱেশ এটাৰ সৃষ্টি কৰে য’ত এগৰাকী ব্যক্তিৰ পোহনীয়া কুকুৰে বিচৰা সকলো সুবিধা লাভ কৰিব পাৰে। এই ব্যৱস্থাই আনকি পৰিপুষ্টিৰ যোগান আৰু কুকুৰক আহাৰ গ্ৰহণ কৰোৱা আদি সেৱাও প্ৰদান কৰে। পশুচিকিৎসালয়ৰ দ্বাৰা পৰ্যবেক্ষণ কৰা হোৱা যত্ন, কেঁচা খাদ্যৰ বিষয়ত পৰামৰ্শ নতুবা টীকাকৰণ সেৱাৰ দৰে সেৱাৰ পৰা গৰাকীয়ে যিকোনো সেৱা বাছি ল’ব পাৰে। এই Creche ব্যৱস্থাই প্ৰদান কৰা সেৱাই অধিক সহায়ৰ হাত আগবঢ়াই এটি কুকুৰক অধিক স্বাস্থ্যবান আৰু সুখী কৰি তোলে আৰু লগতে ইহঁতৰ মাজত ভাল স্বভাৱ আৰু সামাজিক চৰিত্ৰ গঢ় দি তোলাৰ প্ৰশিক্ষণ প্ৰদান কৰে।
এই ব্যৱস্থা (Creche) ই এঘাৰ ঘণ্টা নিপুণ পৰিদৰ্শকৰ দ্বাৰা যত্ন প্ৰদানৰ সেৱা প্ৰদান কৰে। এই কুকুৰৰ যত্নৰ ক্ষেত্ৰত দৈনন্দিন ৰুটিন অত্যন্ত গুৰুত্তপূৰ্ণ বিষয় অৱশ্যে কোনো আপাতকালীন পৰিস্থিতিৰ উদ্ভৱ হ’লে ইয়াৰ গৰাকীয়ে সাহাৰ্য্যৰ বাবে Creche ৰ সৈতে যোগাযোগ কৰিব লাগে। পাঞ্জাবাৰী পথ, জুৰিপাৰ, গুৱাহাটীত থকা ‘এ এল পি চি অ’ ৰ চৌহদৰ ভিতৰতে এই Creche অৱস্থিত আৰু এই কাৰ্য্যালয় সপ্তাহটোৰ আটাইকেইটা দিনেই খোলা থাকে। ‘এ এল পি চি অ’ ৰ ‘ডগ ক্ৰিক’ ত এপয়েণ্টমেণ্ট ৰ বাবে ২৪ ঘণ্টাৰ আগতে জাননী দিব লাগে কাৰণ ‘ক্ৰিক’ ত গ্ৰহণ কৰাৰ আগতে ইয়াৰ মূল্যনিৰ্ণয় কৰা হয়।