মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা অসম পশুধন আৰু পক্ষী নিগম লিমিটেড

ক্ৰেডিট লিংকেজৰ বাবে আবেদন

চিহ্নাংকসূচী:

  • আত্মনিয়োগৰ সৃষ্টি আৰু পশুধন উন্নয়নৰ বাবে হিতাধিকাৰীয়ে বিত্তীয় বেংকৰপৰা ঋণ লাভ কৰে।
  • উন্নতমানৰ কাৰিকৰী কৌশল আহৰণ আৰু ফাৰ্ম গঢ়াৰ সামৰ্থ্যৰ বাবে প্ৰশিক্ষণ প্ৰদান।
  • অনানুষ্ঠানিক/পৰম্পৰাগত খণ্ডৰ বিশুদ্ধ গাখীৰ যোগান ধৰা কাৰ্য্যৰ সামৰ্থ্য গঢ়ি তুলিবৰ বাবে প্ৰয়োজনীয় বিকাশ সাধন।

অৱলোকন

চেলফ এমপ্লয়মেণ্ট জেনেৰেশ্যন বা আত্মনিয়োগ সৃষ্টি আৰু লাইভষ্টক ডেভেলপমেণ্ট বা পশুধন উন্নয়নৰ বাবে হিতাধিকাৰীসকলে ক্ৰেডিট লিংক বা ঋণৰ সুবিধা লাভ কৰে। এই হিতাধিকাৰীসকলে বেচৰকাৰী প্ৰতিষ্ঠান এন জি অ’ আৰু অন্যান্য সংগঠন সমূহৰ থোৰেৰে ঋণদায়ী সংস্থাসমূহৰ সৈতে যোগাযোগ স্থাপন কৰিব পাৰে আৰু তেওঁলোকে নূন্যতম প্ৰয়োজনীয়তাৰ ওপৰত প্ৰদান কৰা হোৱা প্ৰশিক্ষণৰ ভিত্তিত নিৰ্বাচিত হয়। এই হিতাধিকাৰীসকলক কৌশল বিকাশ কাৰিকৰী কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণ সম্পূৰ্ণ হোৱাৰ পিছতে তেওঁলোকে বিত্তীয় বেংকৰ পৰা ক্ৰেডিট লিংক লাভ কৰিবলৈ সক্ষম হয়।

প্ৰক্ৰিয়া গতি

যোগ্যতা নিৰ্ণায়ক কাৰণবশত এই আবেদনপত্ৰ পশুচিকিৎসা বিষয়াই বিশ্লেষণ কৰে আৰু এই প্ৰক্ৰিয়াকৰণ আৰু বিশ্লেষণৰ পিছতহে যোগ্যতাসম্পন্ন আবেদনপত্ৰসমূহ প্ৰশিক্ষণৰ বাবে নিৰ্বাচন কৰা হয়। এই প্ৰশিক্ষণ সুকলমে সমাপ্ত কৰাৰ পিছতহে হিতাধিকাৰীগৰাকীয়ে বেংকৰ ঋণ লাভ কৰাৰ বাবে যোগ্য বিবেচিত হয়।

যোগ্যতাৰ মাপকাঠি

হিতাধিকাৰীগৰাকীৰ নিজা মাটি থাকিব লাগিব আৰু লগতে ইয়াৰ বাবে নূন্যতম শিক্ষাগত অৰ্হতা থাকিব লাগিব।

প্ৰ-পত্ৰ পূৰণৰ নিৰ্দেশনাৱলী

ইয়াত কোনো ধৰণৰ নিৰ্দেশনাৱলী নাই।

মাচুল

মাচুল নালাগে।

প্ৰয়োজন হোৱা নথি-পত্ৰ

ঠিকনাৰ প্ৰমাণ

ফটো পৰিচয়

মাটিৰ প্ৰমানপত্ৰ আৰু

বেংক একাউণ্টৰ সবিশেষ

জৰুৰী সাময়িকী

প্ৰশিক্ষণৰ তিনি মাহৰ ভিতৰত ক্ৰেডিট প্ৰদান কৰা হয়।

আবেদন কৰাৰ নিয়ম

পূৰণ কৰা হোৱা আবেদনপত্ৰ সংস্থাত দাখিল কৰিব লাগে।

সেৱাৰ প্ৰকাৰ

এই সেৱাৰ প্ৰকাৰ অফলাইন।

পূৰণ কৰিবলগীয়া প্ৰ-পত্ৰ

ক্ৰেডিট লিংকেজৰ প্ৰ-পত্ৰ ডাউনলোড কৰক।

যোগাযোগৰ ব্যক্তি

ডাঃ এন ঠাকুৰীয়া

জ্যেষ্ঠ পশুচিকিৎসা বিষয়া

০৯৪৩৫৩৭৬১৪০

ঠিকনা: পঞ্জীকৃত কাৰ্য্যালয়:

পশুধন ভৱন,

অসম পশুধন আৰু পক্ষী নিগম লিমিটেড

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা পথ,

জুৰিপাৰ, গুৱাহাটী ৭৮১ ০৩৭