মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা অসম পশুধন আৰু পক্ষী নিগম লিমিটেড

হ্যাচাৰী আৰু দুগ্ধ গোট

‘অসম লাইভষ্টক এণ্ড পাল্ট্ৰি কৰ্পোৰেশ্যন’ ৰ পৰ্য্যৱেক্ষণৰ অধীনত কেইটিমান হ্যাচাৰী আৰু দুগ্ধ গোটে কাম কৰি আছে। তলত ইয়াৰ তালিকা উল্লেখ কৰা হ’ল-:

খানাপাৰাত থকা চেটেলাইট হ্যাচাৰী

এটি বাণিজ্যিক ব্ৰয়লাৰ কুকুৰা পোৱালি উৎপাদন গোট যিয়ে প্ৰতি মাহত এদিনীয়া বয়সৰ ব্ৰয়লাৰ পোৱালিৰ উৎপাদন দুই লাখৰপৰা দহ লাখলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ইয়াত কণী পালন বা হ্যাচাৰী কাৰ্য্যৰ সৈতে জড়িত সকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ সুব্যৱস্থা আছে। এই কণী পালন কেন্দ্ৰত বাণিজ্যিক ব্ৰয়লাৰ কুকুৰা পোৱালি, হাঁহ পোৱালি আৰু ঘৰত পালন কৰা কুকুৰাও উৎপাদন কৰা হয়।

গোলাঘাট পাল্ট্ৰি ফাৰ্ম

ৰাজ্যত পোহনিয়া কুকুৰা উৎপাদনৰ বাবে কেন্দ্ৰীয়ভাৱে স্পনজৰ কৰা হোৱা সু-আন্তঃগাঁথনি যুক্ত পক্ষী পালন ফাৰ্ম গোলাঘাট পাল্ট্ৰি ফাৰ্ম। এই ফাৰ্মত ৪০০০ পোৱালি দিব পৰা কুকুৰাৰ সংৰক্ষণ, ৬০০০ হাঁহ পোৱালি ৰখাৰ সুবিধা থকা নাৰ্ছাৰি, সৰু খাদ্য তৈয়াৰ কাৰখানা, ৫৭,০০০ কণীৰ ৰখাৰ সুবিধাৰে এটি হ্যাচাৰী ইউনিট আছে।

সোণাপুৰত থকা বাণিজ্যিক দুগ্ধ গোট

আশীজনী গাখীৰ দিয়া গৰু আৰু ৫০ টা heifer পালনৰ ক্ষমতাসম্পন্ন ই এক দুগ্ধ উৎপাদন গোট। বৰ্তমানে ইয়াত ৩৪ জনী গাখীৰ দিয়া গৰু আৰু ১৫ টা heifer আছে। ইয়াত প্ৰতিদিনে প্ৰায় ২০০ লিটাৰ গাখীৰ উৎপন্ন হয়।