মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা অসম পশুধন আৰু পক্ষী নিগম লিমিটেড

ফিড মিলচ্

ফিড মিলচ বা খাদ্য মিলৰ প্ৰয়োজনীয়তা কিয়?

বৃদ্ধি পাই অহা স্থানীয় বজাৰ, দ্ৰুত উদ্যোগীকৰণ আৰু অৰ্থনৈতিক দিশৰ স্বাধীনতাৰ আগমনৰ লগে লগে পশুধন আৰু পক্ষী উদ্যোগৰ ভৱিষ্যত উজ্জ্বল ৰূপেই সম্প্ৰতি প্ৰতীয়মান হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চমৎকাৰ কাৰ্য্যসম্পাদনৰ ফলস্বৰূপে আনুবংশিকভাৱে উন্নত আৰু উন্নত প্ৰজননক্ষম পশু-পক্ষী আনকি সময় অনুকূল নোহোৱা সময়টো সৃষ্টি কৰি ইহঁতৰ বিকাশ সাধন কৰিবলৈ সক্ষম হৈছে। মানদণ্ডপূৰ্ণ খাদ্যৰ উপলব্ধতা, ঔষধ আৰু স্বাস্থ্য যত্নৰ উৎপাদনসমূহ গুৰুত্তপূৰ্ণ কাৰ্য্যসমূহৰ অন্যতম যিয়ে উন্নত উৎপাদনৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াই আহিছে।

এই খাদ্য উদ্যোগৰ বিষয়টো অহাৰ লগে লগে প্ৰায় ৭০% উৎপাদন খৰচৰ ই অৰিহণা যোগায়। অতি সাৱধানেৰে যত্ন কৰি কৰা পদ্ধতিৰ এই কৃষিয়ে পশু আৰু পক্ষীৰ বাবে মানদণ্ডপূৰ্ণ সুসম খাদ্য প্ৰস্তুত কৰাত গুৰুত্ত আৰোপ কৰে। চৰণীয়া ভূমিৰ সংকোচন আৰু বিদেশী জাতৰ কৃষি পদ্ধতি প্ৰযুক্তিৰ আগমনৰ লগে লগে অৰ্থনৈতিক উৎপাদন আৰু স্বাস্থ্যবান পশু-পক্ষী সংৰক্ষণত ৰখাটো অপৰিহাৰ্য্য হৈ পৰে। পশুধন খণ্ডৰ বাণিজ্যিকিকৰণৰ লগে লগে পশুখাদ্যৰ উদ্যোগসমূহৰো প্ৰচুৰ সম্ভাৱনীয়তা প্ৰকট হ’বলৈ ধৰে আৰু এই শতিকাত এই খণ্ডই দ্ৰুতগতিৰে প্ৰসাৰ লাভ কৰিবলৈ ধৰে। এনে খাদ্য উদ্যোগ এক গতিশীল উদ্যোগ হৈ উঠিব যদিহে ইয়াৰ কেঁচামালৰ আহৰণৰ উৎসৰ বাট মুকলি কৰি লোৱা হয় আৰু স্থানীয় কেঁচামাল বিজ্ঞানসন্মত উপায়েৰে প্ৰয়োগ কৰি সঠিক দামত পশুখাদ্য লাভ কৰাৰ ব্যৱস্থা কৰি লোৱা হয়।

পশুখাদ্য প্ৰস্তুত কৰা কাৰ্য্যত কেঁচা কৃষিজাত উপকৰণ ব্যৱহাৰ কৰা হয় যেনে মাকৈ, ঘেঁহু, চ’ৰগাম, ঘাঁহ, মিনাৰেল, খাদ্যপ্ৰাণ ইত্যাদি সামগ্ৰীৰ প্ৰয়োজন হয় যিসমূহৰ সহায়েৰে জন্তুৰ বাবে বিশেষ সুসম খাদ্য প্ৰস্তুত কৰা হয়।

অসমৰ ক’ত? 

অসমৰ শোণিতপুৰ জিলাত দুটি পশুখাদ্যৰ কাৰখানা স্থাপন কৰা হৈছে য’ৰপৰা প্ৰতি ঘণ্টাত প্ৰায় দুই মেট্ৰিকটন (mesh feed) পশুখাদ্য আৰু প্ৰতি ঘণ্টাত প্ৰায় তিনি মেট্ৰিকটন (pallet feed) পশুখাদ্য উৎপাদন কৰা হৈ আহিছে। এই পশুখাদ্যৰ কাৰখানাই জন্তু আৰু পক্ষীৰ বাবে বিভিন্ন ধৰণৰ খাদ্য উৎপাদন কৰি আহিছে। এই খাদ্যসমূহ তেওঁলোকৰ নিজা ফাৰ্মসমূহৰ উপৰিও ডিপাৰ্টমেণ্টেল ফাৰ্মসমূহতো যোগান ধৰে। ইয়াৰ কাৰ্য্যসম্পাদন ক্ষেত্ৰৰ ভিতৰত ই বিভিন্ন আঁচনি, কৃষক, ব্ৰয়লাৰ ফাৰ্মৰ উদ্যোগী ইত্যাদি সামৰি লয়।