মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ পশুপালন আৰু পশুচিকিৎসা অসম পশুধন আৰু পক্ষী নিগম লিমিটেড

নিধি প্ৰদান আৰু বিত্তীয় বেংকৰে ঋণৰ যোগাযোগ

অৱলোকন

ৰাজ্যত পশুপালন কৰ্মৰ ক্ষেত্ৰত নিধিয়েই প্ৰধান প্ৰত্যাহ্বান হিচাপে পৰিগণিত। ৰাজ্যৰ সৰহসংখ্যক পশুপালন কাৰ্য্য পাৰ্শ্বৱৰ্তী কাৰ্য্য বা ঘৰতে সীমাৱদ্ধ থকা কাৰ্য্য হিচাপে পৰিগণিত যিয়ে ডাঙৰ ব্যৱসায়িক কাৰ্য্যৰ সৈতে জড়িত হোৱা দেখা নাযায়। খণ্ডসমূহত বেংকে প্ৰদান কৰা বিত্তীয় নিধিৰ অভাৱৰ ফলস্বৰূপে উদ্যোগীসকলে এই কাৰ্য্য আগবঢ়োৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। খণ্ডসমূহত যিমান পৰিমাণৰ ঋণ প্ৰদান কৰা হৈছে সেয়াও ৰাজ্যৰ বাবে আশাপ্ৰদ নহয়। ‘অসম লাইভষ্টক এণ্ড পাল্ট্ৰি কৰ্পোৰেশ্যন’ নিগমে বিস্তৃত আঁচনিৰ প্ৰতিবেদন প্ৰস্তুত কৰা কাৰ্য্যত প্ৰযুক্তিগত সহায় আগবঢ়াই উদ্যোগীসকললৈ সাহাৰ্য্যৰ হাত আগবঢ়াইছে লগতে কেন্দ্ৰীয় আৰু ৰাজ্যিকভাৱে স্পনজৰ কৰা হোৱা আঁচনিসমূহ বিত্তীয় বেংকসমূহলৈ আগবঢ়াই দিয়াৰ ব্যৱস্থা কৰিছে।

সম্প্ৰতি ‘এন এল এম’ ৰ অধীনৰ ডেইৰী এণ্টাৰপ্ৰিনিউৰশ্বিপ স্কীম (ডি ই ডি এছ), এণ্টাৰপ্ৰাইজ ডেভেপলমেণ্ট এণ্ড এমপ্লয়মেণ্ট জেনেৰেশ্যন (ই ডি ই জি) য়ে বিভিন্ন বেংকৰ সুবিধা লাভ কৰিব পৰাকৈ এই নিগমে স্পঞ্জৰ কৰিছে। ‘এমপ্লয়মেণ্ট জেনেৰেশ্যন মিশ্যন’ (ই জি এম) ৰ অধীনত ৰাজ্যৰ বিভিন্ন অংশৰ পৰা প্ৰায় ২৪০০ উদ্যোগী ক্ৰেডিট লিংকৰ জৰিয়তে উপকৃত হৈছে।

আবেদন কৰাৰ নিয়ম

ইয়াৰ বাবে আবেদন পত্ৰ পূৰণ কৰি নিগমত দাখিল কৰিব লাগে।

ক্ৰেডিট লিংকৰ প্ৰপত্ৰৰ বাবে : ডাউনলোড কৰক

বিস্তৃত তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে :

ডাঃ এন ঠাকুৰীয়া

জ্যেষ্ঠ পশুচিকিৎসা বিষয়া

০৯৪৩৫৩৭৬১৪০

ঠিকনা: পঞ্জীকৃত কাৰ্য্যালয়

পশুধন ভৱন,

অসম লাইভষ্টক এণ্ড পাল্ট্ৰি কৰ্পোৰেশ্যন লিমিটেড

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা পথ,

জুৰিপাৰ, গুৱাহাটী ৭৮১ ০৩৭